22/06/2026
নামিছ মহিলা সৃজনিশীল গোটৰ নতুন পৰিচয় – মৈত্ৰী সৃজনি ফাউণ্ডেচন
সৃজনশীলতাৰে আত্মোন্নয়ন আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি অহা নামিছ মহিলা সৃজনিশীল গোট-এ নতুন পৰিচয়ৰে আনুষ্ঠানিকভাৱে "মৈত্ৰী সৃজনি ফাউণ্ডেচন" নামেৰে পঞ্জীয়নভুক্ত হৈছে।
এই নতুন নামটোৱে সংগঠনটোৰ বিস্তৃত দৃষ্টিভংগী, সৃষ্টিশীল চিন্তা, সামাজিক দায়বদ্ধতা আৰু সমন্বিত উন্নয়নৰ লক্ষ্যেৰে মৈত্ৰী সৃজনি ফাউণ্ডেচনে মহিলাৰ দক্ষতা বিকাশেৰে আত্মোন্নয়ন, স্বাস্থ্য সজাগতা, ভাষা আৰু সাংস্কৃতিক সংৰক্ষণ আৰু সমাজ কল্যাণমূলক কাৰ্যসূচীৰ জৰিয়তে এক সুস্থ, সচেতন আৰু আত্মনিৰ্ভৰ সমাজ গঢ়াৰ বাবে আগবাঢ়ি যাব।
২১ জুন তাৰিখে মৈত্ৰী সৃজনী ফাউণ্ডেচনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। অনুষ্ঠানত অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত যোগব্যায়ামৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। অংশগ্ৰহণকাৰীসকলে বিভিন্ন যোগাসন আৰু প্ৰাণায়াম অনুশীলন কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ প্ৰতি সমাজক উদ্বুদ্ধ কৰা। "সুস্থ জীৱনৰ বাবে, সুস্থ পৃথিৱীৰ বাবে" এই বাণীক সাৰ্থক কৰি ফাউণ্ডেচনে সমাজত স্বাস্থ্য আৰু কল্যাণৰ বাৰ্তা প্ৰসাৰ কৰাৰ সংকল্প পুনৰ ব্যক্ত কৰে।