Jiya

Jiya "Hello, fellow parents and child enthusiasts!"
�Capturing moments, freezing memories.
🎂25.03.2024�
�Account handled by parents�
💐💐 �Welcome �💐💐

💙💙
13/05/2026

💙💙

দৌৰি ফুৰি পৰে বুলি কেতিয়াবা লৈ ফুৰা দেখি সকলোৱে সোধে মোক, "এইক (জীয়াক) কেনেকৈ লৈ ফুৰা অ'? আমি অকণমান সময়তে ভাগৰি পৰোঁ...
12/05/2026

দৌৰি ফুৰি পৰে বুলি কেতিয়াবা লৈ ফুৰা দেখি সকলোৱে সোধে মোক,
"এইক (জীয়াক) কেনেকৈ লৈ ফুৰা অ'?
আমি অকণমান সময়তে ভাগৰি পৰোঁ!"
মই প্ৰত্যুত্তৰ দিওঁ – "মাক হৈছোঁ যেতিয়া ল'ব পাৰিব'ই লাগিব।" প্ৰকৃততে মই তাইক লৈ ফুৰা নাই । অত'দিনে, তাইহে মোৰ উশাহটো লৈ ফুৰিছে। তাইহে মোক প্ৰতিটো দিন সামৰি ৰাখিছে। মোৰ আপুৰুগীয়া টোপোলাটো😘😘😘...

(জীয়াৰ)মামাৰ ঘৰত,,,,, ভাইটিৰ (মামাৰ ল'ৰা) শুদ্ধিকৰণ বুলি,,,,, ❤❤ ゚
12/05/2026

(জীয়াৰ)মামাৰ ঘৰত,,,,, ভাইটিৰ (মামাৰ ল'ৰা) শুদ্ধিকৰণ বুলি,,,,, ❤❤

❤ ゚
10/05/2026


❤❤  ゚
02/05/2026

❤❤

01/05/2026

সেইসময়ত ঘৰত তাই আৰু মই আছিলোঁ। মই পাকঘৰত ৰুটী বনাই আছিলোঁ। কোনোবাই কথা পতাৰ দৰে শুনি চাই দেখোঁ, যেনেকৈ হে পুতলাটোৰ লগত খেলি আছে। কি কি যে কথা পাতিছে,,, মনে মনে ভিডিঅ' কৰি থওঁ ভাৱিলোঁ ও দেখিলেই নহয় মোক😄😄 উঠিয়েই আহিল। গৰম হওঁক ঠেটুৱৈ লগা ঠাণ্ডাই হওঁক floor তহে শুই বহি থাকিব,,,সেইকাৰণে ম'হে, পৰুৱাই কামুৰি ফুল বাছিবলৈ সুবিধা পায়।

চকুৰ আগতেই কিমান যে সলনি হ'ল,,,, মানুহে সুখ-দুখৰ নিজৰ ব্যক্তিগত অভাৱ-অনুভৱবোৰ মানুহৰ সৈতে  নহয় যন্ত্রৰ সৈতে ভাৱ-বিনিময়...
01/05/2026

চকুৰ আগতেই কিমান যে সলনি হ'ল,,,, মানুহে সুখ-দুখৰ নিজৰ ব্যক্তিগত অভাৱ-অনুভৱবোৰ মানুহৰ সৈতে নহয় যন্ত্রৰ সৈতে ভাৱ-বিনিময় কৰা হ'ল/কৰিব লগা হ'ল। AI ৰ গান,, ফটো-ভিডিঅ'বোৰহে মানুহৰ বেছি প্ৰিয় হ'ল।কি ঠিক,,বৰ বেছি দিন নাই হয়তো এনেকুৱা এটা দিন আহিব,, মানুহে মানুহৰ লগত নহয়,, robot ৰ লগতহে বন্ধুত্ব কৰিবলৈ,সম্পর্ক গঢ়িবলৈ আগ্ৰহী হ'ব। এই পৰিৱৰ্তনৰ মাজত নিজেও যেন যন্ত্র হৈ গৈ আছোঁ। তাৰ মাজতে,,এনেকুৱা এজনী কচুগুটি হেন ছোৱালী থাকিলে....যন্ত্ৰকো পিছ পেলাব। ২ মিনিট অকলে এৰাৰ পৰিণতিৰ সৰু এটা উদাহৰণ হে এইয়া🧐🧐নাহাঁহো বুলিও নোৱাৰি... "অ' আইতা ভুত 😌"

দেউতাকে জীয়েকক চিঞৰি আছেহি ,,, মইনো মনে মনে মাতি কি দিছে বুলি চাই দেখি মনত পৰিছে,, সৰুতে বিচাৰি বিচাৰি খোৱা। ভাৱিলেই আচ...
23/04/2026

দেউতাকে জীয়েকক চিঞৰি আছেহি ,,, মইনো মনে মনে মাতি কি দিছে বুলি চাই দেখি মনত পৰিছে,, সৰুতে বিচাৰি বিচাৰি খোৱা। ভাৱিলেই আচৰিত লাগে,কি যে সোৱাদ পাইছিলোঁ তেতিয়া,,, এতিয়া জিভাত সেইবোৰ বস্তুৰ জুতিয়ে নালাগে। সৰুতে ৰঙা ৰঙা এই গৰখীয়া গুটিৰ সোৱাদ লৈ পাইছেনে বাৰু??

আমাৰ নাচনী বিহুলৈ সাজু দেই...দুহাতত জেতুকা লগাব'লৈহে বাকী 😌😌এসময়ত বিহু,,হুঁচৰি বুলিলে পেটৰ ভোক পাহৰিছিলোঁ,,,দেউতাই বিহু...
14/04/2026

আমাৰ নাচনী বিহুলৈ সাজু দেই...দুহাতত জেতুকা লগাব'লৈহে বাকী 😌😌এসময়ত বিহু,,হুঁচৰি বুলিলে পেটৰ ভোক পাহৰিছিলোঁ,,,দেউতাই বিহু নাচিবলৈ যাবলৈ নিদিয়াৰ কাৰণে দাদাৰ লগত মনে মনে বেলেগৰ ঘৰত কাপোৰ পিন্ধি, দেউতাক মিছা কথা কৈ হ'লেও নাচিহে এৰিছিলোঁ। কত কিমান যে কাহিনী...এতিয়া অৱশ্যে ঢোল-পেঁপাৰ মাত শুনিলে আবেগিক হওঁ। ছোৱালীক দেখিছোঁ,,একেবাৰে অকণমানিৰ পৰাই ঢোলৰ মাত, গান শুনিলে হাত -ভৰি ৰৈয়ে নাথাকে 😆😆। কিন্তু,, সজাই-পৰাই ফটো এখন তুলিবলৈহে মোবাইল না না😕😕 এফালে মাকে পিন্ধাই গৈছে আনফালে জীয়েকে সৱ টানি-আজুৰি খুলি গৈছে... 🤭🤭উপায় নাই... ৰৈ থাকিবলৈ সময় নাইকীয়া,অধৈৰ্য্য এই জীৱবিধৰ পাছত দৌৰা-দৌৰি কৰি,, বিভিন্ন নাটক কৰি 🤭🤭ফটো তোলাটোও মাক হিচাপে সৰু-সুৰা এক প্ৰকাৰৰ প্ৰত্যাহ্বানেই আৰু ☺☺

Address

Sibsagar
785685

Website

Alerts

Be the first to know and let us send you an email when Jiya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share