qasmi Textile, Howly

qasmi Textile, Howly Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from qasmi Textile, Howly, Textile Company, ayen mondal Road, howly, Howli.

M***i shamsuddin ahmed Qasmi Perfumers Howly ISLAMIC BOOK & CAP CENTREHowly Town Markaz Jama Masjid, P.O. Howly, Dist. B...
24/08/2026

M***i shamsuddin ahmed
Qasmi Perfumers Howly
ISLAMIC BOOK & CAP CENTRE
Howly Town Markaz Jama Masjid, P.O. Howly,
Dist. Barpeta (Assam), PIN-781316
Mob: 9435206401, 9864379542, 7002218099
[email protected]
:::::::::::::::::::::::::::: ::::::::::::: ::::::::: :::::::::::::
আমাৰ ইয়াত পাইকাৰী দামত আতৰ, টুপি, তছবীহ, জায়নামাজ, হাজী ৰুমাল, মছজিদৰ ছফ, কাফন কাপোৰ, বুৰকা, উর্না, হিজাব, কোৰআন, তর্জমা, ইছলামিক কিতাপ-পত্ৰ, ছিনিয়ৰ মাদ্ৰাছাৰ কিতাপ আৰু বিভিন্ন ধৰণৰ ইছলামিক আইটেম ইত্যাদি পোৱা

24/08/2026
📢 লোকপিয়ল ২০২৭ ত মাতৃভাষা আৰু অসমীয়া ভাষাৰ প্ৰতি আমাৰ স্থিতি 📢বিষয়: লোকপিয়লত মাতৃভাষা বাংলা লিখা আৰু অসমীয়াক সমৰ্থন...
23/08/2026

📢 লোকপিয়ল ২০২৭ ত মাতৃভাষা আৰু অসমীয়া ভাষাৰ প্ৰতি আমাৰ স্থিতি 📢
বিষয়: লোকপিয়লত মাতৃভাষা বাংলা লিখা আৰু অসমীয়াক সমৰ্থন কৰাৰ যুক্তি
🔴 ১. ভূমিকা: সঁচা কোৱাটো আমাৰ দায়িত্ব
আমি অসমৰ বাঙালী মুছলমান। ঘৰত আমি বাংলা ভাষা কওঁ, আমাৰ পূৰ্বপুৰুষ বাংলা ভাষী। লোকপিয়লৰ দৰে চৰকাৰী নথিত মাতৃভাষা সঁচা লিখাটো আমাৰ নৈতিক আৰু আইনী দায়িত্ব। সেইবাবে মাতৃভাষা বাংলা লিখাটো শুদ্ধ।

কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি অসমীয়া ভাষাৰ বিৰোধী।
🔴 ২. আমি কিয় অসমীয়া ভাষাক সমৰ্থন কৰোঁ?
ক) অসমৰ ৰাজ্যিক ভাষাক সন্মান
অসমীয়া অসমৰ ৰাজ্যিক ভাষা আৰু যোগাযোগৰ ভাষা।

খ) জাতীয় সংহতি আৰু ভাতৃত্ববোধ
অসমীয়া ভাষাই সকলোকে একেডাল সূতাৰে বান্ধি ৰাখে।

গ) শিক্ষা আৰু চাকৰিৰ সুবিধা
APPSC, অসম আৰক্ষী, শিক্ষকৰ চাকৰি সকলোতে অসমীয়া ভাষাৰ জ্ঞান বাধ্যতামূলক।

ঘ) সাংস্কৃতিক সমন্বয়
অসমীয়া ভাষা-সাহিত্য, বিহু, শংকৰী সংস্কৃতি আমাৰো। ভাষা আমাৰ মাজত দেৱাল নহয়, দলং।

ঙ) ভুল বুজাবুজি আঁতৰ কৰা
আমি অসমীয়া মাধ্যম সমৰ্থন কৰি ভুল ধাৰণা ভাঙিব পাৰো।

চ) দ্বৈত সত্বাৰ সুন্দৰ উদাহৰণ
ঘৰত বাংলা, বাহিৰত অসমীয়া - ইয়াক বহুভাষিক সৌন্দৰ্য বুলি কোৱা হয়।
🔴 ৩. সামৰণি: আমাৰ স্থিতি স্পষ্ট
✅ লোকপিয়লত - সঁচা তথ্য, মাতৃভাষা বাংলা।
✅ শিক্ষা আৰু ৰাজ্যৰ উন্নয়নত - পূৰ্ণ সমৰ্থন অসমীয়া ভাষাক। এটা সঁচা কথা লিখিলে আনটো মিছা হৈ নাযায়।
-------------------------------------------------------------------
বি:দ্ৰ : উপৰোক্ত প্ৰতিবেদন প্ৰকাশৰ আচল উদ্দেশ্য হ'ল আপোনালোক সকলোৰে পৰা সমদৃষ্টিত যুক্তিসহকাৰে মতামত প্ৰাপ্তি| আশা কৰো উক্ত বিষয়ত সকলোয়ে যুক্তি সহকাৰে নিজৰ নিজৰ মতামত উপস্হাপন কৰিব| এয়াই আপোনালোকলৈ মৰ কাতৰ আহ্বান|
ইতি
ধন্যবাদেৰে,
শ্বামছুদ্দিন আহমেদ কাছিমী, হাউলী
.

إِنَّا لِلَّٰهِ وَإِنَّا إِلَيْهِ رَاجِعُونَঅতি দুখৰ সৈতে জনাওঁ যে, আমাৰ অতি মৰমৰঘিলাজাৰী গাঁও নিবাসী, মৰহুম ওৱাহেদ আলী ...
22/08/2026

إِنَّا لِلَّٰهِ وَإِنَّا إِلَيْهِ رَاجِعُونَ

অতি দুখৰ সৈতে জনাওঁ যে, আমাৰ অতি মৰমৰ

ঘিলাজাৰী গাঁও নিবাসী, মৰহুম ওৱাহেদ আলী মিস্ত্ৰীৰ পুত্ৰ জুৰান আলী ডাঙৰীয়া আজি পুৱতি নিশা বৰপেটা মেডিকেল কলেজ হাস্পতালত ইহ সংসাৰr পৰা বিদায় লৈ আল্লাহৰ মেহমান হৈ গ'ল।

তেখেতৰ মৃত্যুত আমি গভীৰভাৱে শোকাহত। তেখেত এজন ভাল আৰু নম্ৰ স্বভাৱৰ ব্যক্তি আছিল।

আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দুআ কৰিছোঁ, আল্লাহ তাআলাই যেন মৰহুমৰ জীৱনৰ জানা-অজানা সকলো সৰু-বৰ গুনাহ মাফ কৰি দিয়ে, কবৰ আজাবৰ পৰা ৰক্ষা কৰে, কবৰক জান্নাতৰ বাগিচা বনাই দিয়ে আৰু জান্নাতুল ফিৰদাউছৰ উচ্চ মাকাম দান কৰে।

আল্লাহ তাআলাই তেখেতৰ শোকসন্তপ্ত পৰিয়াল-পৰিজনক এই গভীৰ শোক সহ্য কৰাৰ বাবে সবৰে জামিল দান কৰক। আমীন, ছুম্মা আমীন।

বিক্ৰীৰ বাবে প্ৰস্তুত৪ টা কালাৰত নূৰানী কোৰআন শৰীফ (বাংলা তৰজমা) উপলব্ধইছলামিক বুক এণ্ড কেপ চেণ্টাৰ, হাউলী, বৰপেটা, অসমম...
21/08/2026

বিক্ৰীৰ বাবে প্ৰস্তুত
৪ টা কালাৰত নূৰানী কোৰআন শৰীফ (বাংলা তৰজমা) উপলব্ধ
ইছলামিক বুক এণ্ড কেপ চেণ্টাৰ, হাউলী, বৰপেটা, অসম
মোবাইল নং- ৯৮৬৪৩৭৯৫৪২

আলহামদুলিল্লাহ্, আকৌ এটা সুন্দৰ জুমাৰ দিন পালো।আজিৰ এই বৰকতময় দিনত সকলোৰে বাবে দোৱা কৰিলোঁ - আল্লাহে সকলোকে সুস্থ আৰু স...
21/08/2026

আলহামদুলিল্লাহ্, আকৌ এটা সুন্দৰ জুমাৰ দিন পালো।
আজিৰ এই বৰকতময় দিনত সকলোৰে বাবে দোৱা কৰিলোঁ - আল্লাহে সকলোকে সুস্থ আৰু সুখত ৰাখক।
জুমা মোবাৰক সকলোকে! 💚 جمعة مباركة

Address

Ayen Mondal Road, Howly
Howli
781316

Website

Alerts

Be the first to know and let us send you an email when qasmi Textile, Howly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share