30/12/2025
মই কোনো চৰকাৰৰ সপক্ষে বা বিপক্ষে একো ক'ব যোৱা নাই। কিন্তু কিছুমান কথা মনত আহিছে তাকে ব্যক্ত কৰিব খুজিছো। ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মী সকলে আজি নিজৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলগীয়া হৈছে। এই আন্দোলনৰ বিপক্ষে বহু লোকে বহু মত পোষণ কৰিছে। কিছুলোকে কৈছে যে যিমান দৰমহা পাইছে তাতে সুখী হব লাগে। ঠিক আছে দৰমহা যিমান পাইছে সিমানতে সন্তুষ্ট হৈ থাকিব লাগে। কিন্তু এবাৰ সেই দিনটো মনত পেলাওকচোন যিদিনা কভিদ ৰোগীসকলৰ পৰা নিজৰ সম্পৰ্কীয় লোকেই দূৰত্ব বজাই ৰাখিছিল সেই সময়ত এই ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মী সকলেই দিনে নিশাই নিজৰ পৰিয়াল ৰ পৰা দূৰত থাকি নিস্বাৰ্থ ভাবে সেৱা আগবঢ়াইছিল। এতিয়া ইয়াতে কিছুমানে মন্তব্য আগবঢ়াব যে এইটো তেওঁলোকৰ কৰ্তব্য আছিল তাতে নো কি ইমান ডাঙৰ কথা? হয়, কৰ্তব্য আছিল! কিন্তু এবাৰ ভাবিছে নে সেই সময়ত তেওঁলোকৰ পৰিয়ালে কিমান কষ্ট সহিব লগীয়া হৈছিল। এবাৰ PPE kit পৰিধান কৰাৰ পাছত কোনো পধ্যেই সেই কিত খোলাৰ অনুমতি নাছিল duty শেষ নোহোৱালৈকে। এই কৰ্মী সকলক গাঁৱৰ মানুহে গাঁৱত সোমাব নিদিছিল কিজানি কভিড হৈ যাব বুলি। এওঁলোকৰ পৰিয়ালৰ শিশু পৰ্য্যন্ত ক পদুলিলৈকে ওলালে কৰ্কথনা শুনোৱা হৈছিল। তাৰোপৰি বৰ্তমান সকলো কৰ্মক্ষেত্ৰ ৰ সময়সীমা ৮ ঘণ্টা কিন্তু ১০৮ কৰ্মচাৰী সকলৰ ১২ ঘণ্টাৰ duty ৰ মাজত কোনো নিৰ্দিষ্ট ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ ৰ ব্যৱস্থা নাই। ( কিছুমান এনে কৰ্মচাৰী আছে যিসকলে দিনৰ দিনটো চকীত বহি বহি tea-break, lunch -break লৈ ভাগৰি পৰে)। ফোন অহাৰ লগে লগে খোৱা পাতৰ পৰা উঠি দৌৰিব লাগে। ডিচেম্বৰ মাহৰ নিশা ১২ বজা হওক বা জেঠ মাহৰ উত্তপ্ত গৰম সকলো সময়ত তৎপৰ থাকে। ইমান কষ্টৰ মাজেৰে নিজৰ পৰিয়ালটোৰ ভৰণ পোষণ কৰি নিজৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ এই সেৱাত আগবঢ়াই দিয়াৰ পাছত আজি নিজৰ পৰিয়ালটোৰ ভৰণ পোষণত বিভিন্ন সমস্যাৰ সম্মুখীন হোৱাৰ বাবেহে এই কৰ্মী সকলে আন্দোলন কৰিবলগীয়া হৈছে। দিনক দিনে বৃদ্ধি পোৱা মূল্যই সকলোকে আৰ্থিকভাৱে জুৰুলা কৰিছে ।এনে পৰিস্থতিত দৰমহা বৃদ্ধিৰ কথাত কিয় এই কৰ্মীসকলৰ আন্দোলনক যুক্তিসংগত বুলি কোৱা নাই? 30 দিন হৈ গল এবাৰো ভাবিছে নে এই পৰিয়ালৰ কি অৱস্থা হৈছে। সমগ্ৰ অসমবাসীয়ে উলহ মালহেৰে নতুন বছৰক আদৰিব ,ভোজ খাব, ফূৰ্তি কৰিব। কিন্তু এই 3000 পৰিয়ালে সিদিনা চকুলো টুকিব। আজি বাহিৰৰ এটা কোম্পানীয়ে অসমীয়া সকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে ,চাকৰিৰ পৰা পদচ্যুত কৰিছে কিন্তু সকলো অসমীয়া নিমাত। কত গল এতিয়া সেই অসমীয়াৰ হকে মাত মতা দল সংগঠন? কত গল এতিয়া অসমীয়াগীৰি?
বিশেষ: