29/10/2022
আজি কালি সামাজিক মাধ্যমৰ যোগেদি বহুত ধৰনৰ কাপোৰ ব্যৱসায় কৰা দেখা গৈছে, তাৰ ভিতৰত বহুতে নিজৰ প্ৰতিভাৰে বহুত কষ্ট কৰি কাপোৰ বোৰ ডিজাইন কৰি উলিয়াই। কিন্তু এচাম লোক আছে যিয়ে বেলেগৰ কষ্ট চুৰ কৰি নিজৰ পেট ভৰাব বিচাৰে। তলত দিয়া ফটো কেইখনো তাৰে সাক্ষী। সচাকৈয়ে দূখ লাগে এনেবোৰ কাম কৰিলে, আপোনালোকে ব্যৱসায় কৰিব বিচাৰিছে কৰক আমাৰ আপত্তি নাই কিন্তু নিজৰ প্ৰতিভাৰে কৰক, বেলেগৰ প্ৰতিভাক চুৰ কৰি নহয় আৰু এনে কৰিবলৈ আমাৰ পেইজৰ পৰা কোনো ধৰণৰ অধিকাৰও দিয়া নাই, গতিকে কোনো পদক্ষেপ হাতত লোৱাৰ আগত এবাৰ হ'লেও ভাবিব যে আপুনি যাৰ লগত এনে কৰিব গৈ আছে সেই ব্যক্তিগৰাকীয়ে হয়তো বহুত কষ্ট কৰিহে কিবা এটা উলিয়াব গৈছে । ধন্যবাদ 🙏